মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা সঞ্চালকালয়

ইতিহাস

  • অসমৰ প্ৰাথমিক শিক্ষাৰ ইতিহাস

    অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ সঞ্চালকালয়টোৰ নাম প্ৰাথমিক শিক্ষা সঞ্চালকালয়। গুৱাহাটী- ৭৮১০১৯, অসমৰ কাহিলীপাৰাত ই অৱস্থিত।

    প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ মুৰব্বী হল সঞ্চালক, প্ৰাথমিক শিক্ষা, অসম

    ১৯৭৭ চনৰ জুলাই মাহত পৃথক নিকায় হিচাপে প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসম প্ৰতিষ্ঠা কৰা হৈছিল। গুৱাহাটী-১৯ৰ কাহিলীপাৰাত মুখ্য কাৰ্যালয় স্থাপনেৰে প্ৰাথমিক শিক্ষা খণ্ডৰ সু-পৰিচালনাৰ উদ্দেশ্যে প্ৰতিষ্ঠিত সঞ্চালকালয়টোৰ জৰিয়তে নিম্নোল্লেখিত লক্ষ্যসমূহ পূৰণৰ প্ৰয়াস কৰা হৈছে-

    ১) খণ্ড পৰ্যায় পৰ্যন্ত বিদ্যালয়সমূহৰ পৰিচালনা ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ, আৰু

    ২) প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ (ইউ.ই.ই)ৰ লক্ষ্যত উপনীত হব পৰাকৈ কাৰ্যাৱলী সুসংগঠিত কৰা।

     ইয়াত পূৰ্বে এই সঞ্চালকালয়টোৱে ১৯৪৭ চনত অসমৰ বাবে স্থাপিত হোৱা ৰাজহুৱা শিক্ষা নিৰ্দেশনা (ডি.পি.আই.)ৰ অধীনত স্বতন্ত্ৰভাৱে কাৰ্য সম্পাদন কৰিছিল।

    অসমত প্ৰাথমিক শিক্ষাখণ্ডৰ প্ৰশাসনীয় নিয়ন্ত্ৰণ, উন্নয়ন আৰু সম্প্ৰসাৰণ, পৰিদৰ্শন, তত্বাৱধান, নিৰীক্ষণ তথা মূল্যায়নৰ দায়িত্ব সম্পাদন কৰে এই সঞ্চালকালয়ে। ৰাজ্যখনৰ সকলো মহকুমা শিক্ষা বিষয়া (বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক) আৰু অন্যান্য অধঃস্তন বিষয়া (খণ্ড প্ৰাথমিক শিক্ষা বিষয়া/বিদ্যালয়সমূহৰ খণ্ড উপ-পৰিদৰ্শক আদি)ৰ সেৱা এই সঞ্চালকালয়ৰ অধীনস্থ কৰা হৈছে।

    অসমত শিক্ষাৰ প্ৰাথমিক পৰ্যায়ে প্ৰথম মানৰ পৰা অষ্টম মানলৈ সামৰি লোৱাৰ লগতে ৬ৰ পৰা ১৪ বছৰ বয়স সীমাৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি লয়।