মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা সঞ্চালকালয়

শিক্ষক বঁটা

১। শিক্ষা খণ্ডলৈ প্ৰশংসনীয় সেৱা আগবঢ়াই গণ-স্বীকৃতি, লাভ কৰা শিক্ষকসকলক কেন্দ্ৰীয় চৰকাৰে ৰষ্ট্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যিক বঁটাৰে মনোনীত কৰি আহিছে।

২। এইসকল প্ৰতিভাধৰ শিক্ষকৰ পাৰদৰ্শী সেৱাৰ সৰ্বাধিক সদপ্ৰয়োগ সম্ভৱ কৰি ৰাজ্যৰ শিক্ষাক্ষেত্ৰখনক অধিক মহীয়ান কৰাৰ মানসেৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিক্ষক বঁটা প্ৰাপকসকলক অৱসৰ গ্ৰহণৰ পিছতো পুনৰ মকৰলৰ বাবে এলানি আঁচনি ৰূপাযমৰ দিহা কৰিছে। ২০১২ চনৰ ১৬ জুলাইত প্ৰকাশিত এ.এছ.ই ২৩২/২০০৮/২৩২ নং চৰকাৰী অধিসূচনা অনুসৰি শাৰিৰীক আৰু মানসিকভাৱে সুস্থ আৰু পুনৰ কাৰ্যনিৰ্বাহ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিক্ষক বঁটা প্ৰাপকসকলক নিম্নোল্লেখিত ধৰণে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

              ১। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শিক্ষকসকলক অসৱৰ গ্ৰহণৰ পৰৱৰ্ত্তী দুটা বছৰ অথবা সংশ্লিষ্ট গৰাকীৰ বয়স ৬২ বছৰ পৰ্যন্ত, যিটোৱেই আগত হয়।

              ২। ৰাজ্যিক প্ৰাপকসকলৰ অৱসৰ গ্ৰহণৰ পৰৱৰ্ত্তী এবছৰ অথবা সংশ্লিষ্ট গৰাকীৰ বয়স ৬২ বছৰ পৰ্যন্ত যিটোৱেই আগত হয়।

              ৩। ৰাষ্ট্ৰীয় বঁটাৰ বাবে প্ৰাথমিক শিক্ষকৰ মনোনয়ন ভাৰত চৰকাৰে নিৰ্দ্ধাৰণ কৰা অৰ্হতাৰ ভিত্তিত কৰাৰ ব্যৱস্থা কৰা হৈছে।

              ৪। ষষ্ঠ অনুসূচী তথা বি.টি.এ.ডি অন্তৰ্ভুক্ত জিলাকেইখনকে ধৰি ৰাজ্যখনৰ আটাইকেইখন জিলাৰ পৰা প্ৰতি বছৰে ৰাজযিক বঁটাৰ বাবে নিৰ্বাচিত শিক্ষকৰ সংখ্যা ১৭গৰাকীত সীমাবদ্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে।

Downloads
TitleSizeDetail
List of Awardee.pdf4.88 MBswf-image