মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা সঞ্চালকালয়

প্ৰশিক্ষণ

প্ৰাথমিক সঞ্চালকালয় অধীনত ৰূপায়ন কৰা প্ৰশিক্ষণ

  • উচ্চ মাধ্যমিক/ নিম্ন মাধ্যমিক প্ৰশিক্ষণৰ বাবে শিক্ষক চয়ণ। নিৰ্বাচিত শিক্ষক প্ৰতিনিধিসকলস ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ জৰিয়তে সময়ে সময়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়।
  • হিন্দী শিক্ষকৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা(দুবছৰীয়া পাঠ্যক্ৰম)
  • অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰীসকলে অসম অসামৰিক সেৱা খানাপাৰাৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত সময়ে সময়ে অংশগ্ৰহণ কৰি আহিছে।বিভিন্ন সময়ত অনুস্থিত প্ৰশিক্ষণসমূহ তলত উল্লেখ কৰা ধৰণৰ-
    ১) ‘আচঁনি প্ৰৱন্ধৰ’ ওপৰত সপ্তাহজোৰা প্ৰশিক্ষণ।
    ২) ‘শিক্ষাৰ অধিকাৰ আইন, ২০০৫’ চনৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ।
    ৩) কাৰ্য্যালয়ৰ কাৰ্য্যাপ্ৰণালী আৰু সেৱা বিধিৰ ওপৰত তিনিদিনীয়া প্ৰশিক্ষণ।
    ৪) বিভাগীয় কাৰ্য্যাপ্ৰণালী ।
    ৫) বিত্তীয় প্ৰৱন্ধ।
    ৬) ন্যায়ালয়ৰ প্ৰক্ৰিয়া
    ৭) গাণণিক আৰু বিত্তীয় বিধি ।
  • ইয়াৰোপৰি খানাপাৰাস্থিত ‘ৰাষ্ট্ৰীয় জন সহযোগ আৰু শিশু বিকাশ সংস্থা’ৰ উদ্যোগত অনুস্থিত শিক্ষাৰ সাৰ্ব্বিক বিকাশ সন্দৰ্ভত শিক্ষা বিষয়াসকলৰ বাবে অনুস্থিত প্ৰশিক্ষণ কাৰ্য্যসূচীত কেইবা গৰাকীও শিক্ষক আৰু বিষয়াই অংশগ্ৰহণ কৰে।
  • ইয়াৰোপৰি নতুন দিল্লীস্থিত ‘ৰাষ্ট্ৰীয় শৈশিক পৰিকল্পনা আৰু প্ৰশাসন বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুস্থিত প্ৰশিক্ষণ কাৰ্য্যসূচীতো সঞ্চালকালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। এনে কেইটিমান প্ৰশিক্ষণ নিম্নোলিখিত ধৰণৰ-
    (১) ৰাজ্য আৰু জিলা পৰ্য্যায়ৰ মহিলা প্ৰশাসনিক বিষয়াসকলৰ বাবে শৈক্ষিক প্ৰশাসনিক আৰু প্ৰৱন্ধন সন্দৰ্ভত কৰ্মশালা।
    (২) বিদ্যালয়সমূহৰ আৰ্থিক অৱস্থাৰ পৰিকল্পনা আৰু প্ৰৱন্ধন সন্দৰ্ভত বিশেষ প্ৰশিক্ষণ।
  • প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে নতুন দিল্লীস্থিত সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত ১০ আৰু ১৫ দিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।
  • প্ৰধান শিক্ষক/ শিক্ষয়ত্ৰী/ বিজ্ঞান শিক্ষক/ গণিত/ ইংৰাজী/ সমাজ বিজ্ঞানৰ শিক্ষক- শিক্ষয়ত্ৰীসকলে উত্তৰ- পূৰ্বাঞ্চল ক্ষেত্ৰীয় শিক্ষা সংস্থা শ্বিলঙৰ দ্বাৰা অনুষ্ঠিত-
    (১) প্ৰাক- প্ৰাথমিক শিক্ষা আৰু যত্ন সন্দৰ্ভত মানপত্ৰ পাঠ্যক্ৰম
    (২) বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ সামাজিক- মনস্ত্বাত্বিক পৰামৰ্শদানৰ ওপৰত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্ময়ূচীত অংশগ্ৰহণ কৰে।
Downloads
TitleSizeDetail
Officer's training.pdf1.71 MBswf-image
List of untrained in-service Hindi teachers of Upper Primary School for the sessions 2017-2019.Pdf1.5 MBswf-image