মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা সঞ্চালকালয়

পদৰ তালিকা আৰু দায়িত্বসমূহ

বিষয়া আৰু কৰ্মচাৰীৰ ক্ষমতা আৰু কৰ্তব্য –

সঞ্চালকগৰাকী এই সঞ্চালকালয়ৰ মুৰব্বী। এওঁ অসম চৰকাৰৰ বিধি-নিয়ম অনুসৰি সঞ্চালকালয়টোৰ কাম-কাজৰ নিয়ন্ত্ৰণ, তত্বাৱধানৰ দায়িত্ব পালন কৰাৰ লগতে প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰে। অতিৰিক্ত সঞ্চালক, যুটীয়া সঞ্চালক, উপ-সঞ্চালক মণ্ডলী, গৱেষণা বিষয়া, বিত্তীয় বিষয়ামণ্ডলী আদিয়ে সঞ্চালকগৰাকীক সহযোগিতা আগবঢ়ায়।

সঞ্চালকালয়ৰ কৰ্তব্য –

  • ৰাজ্যৰ প্ৰাথমিক শিক্ষা ক্ষেত্ৰৰ সামগ্ৰিক নিয়ন্ত্ৰণ।
  • চৰকাৰী আৰু অন্যান্য সংস্থাসমূহৰ সৈতে সমন্বয়ক ভূমিকা পালন
  • সহযোগী অভিকৰণ হিচাপে বিদ্যালয়সমূহৰ পৰিদৰ্শন আৰু তত্বাৱধান কৰা
  • শৈক্ষিক তথা অনা-শৈক্ষিক কৰ্মত কৰ্তব্যৰত কৰ্মচাৰীৰ নিয়োগ আৰু বদলিৰ লগতে চাকৰিকালীন প্ৰশিক্ষণৰত শিক্ষকৰ মকৰল আদিৰ তদাৰকী কৰা।
  • দা-দৰমহা তথা আন্তঃগাঁঠনি নিৰ্মাণ সম্পৰ্কীয় অনুমোদনৰ বাবে প্ৰয়োজনীয় প্ৰাককলন যুগুতোৱাৰ দায়িত্ব গ্ৰহণ কৰা।
  • বিদ্যালয়সমূহৰ উন্নয়ন তথা স্থাপন সম্পৰ্কীয় কাম-কাজ সম্পন্ন কৰা।
  • সঞ্চালকালয়টোৰ সকলো কৰ্মচাৰীৰ বাবে অৱসৰোত্তৰ সা-সুবিধাসমূহ নিশ্চিত কৰিব পৰাকৈ কাৰ্যপন্থা গ্ৰহণ কৰা।

পৰিকল্পনা আঁচনিৰ ৰূপায়ণ, জলপানি তথা অন্যান্য উদগণিমূলক কৰ্ম-আঁচনিৰ ৰূপায়ণৰ দায়িত্ব গ্ৰহণ কৰা।

Downloads
TitleSizeDetail
Power and Duties of Officers and Employees.docx19.1 KBswf-image