মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা প্ৰাথমিক শিক্ষা সঞ্চালকালয়

গুনোৎসৱ

কাৰ্যক্ৰমৰ বিশদ বিৱৰণ
(গুনোৎসৱ অসম)

গুনোৎসৱ = গুণ + উৎসৱ , বিদ্যালয়ৰ গুণ সমূহক উদযাপন কৰাৰ উৎসৱ

প্ৰাথমিক পৰ্যায়ৰ প্ৰতিটো শিশুৰ পাৰদৰ্শিতা মূল্যায়ন কৰাৰ লগতে শিকাৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত উদ্ভৱ হোৱা ব্যৱধান নিৰ্ণয় কৰি সেই ব্যৱধান আঁতৰোৱাৰ বাবে গ্ৰহণ কৰিব লগা পদক্ষেপ গ্ৰহণ কৰিবলৈকে অসম চৰকাৰে এক প্ৰয়াস হৈছ গুণোত্সৱ। ই হৈছে প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে গ্ৰহণৰ এক দায়বদ্ধ পদক্ষেপ। শিশুসকলৰ শিকন সাফল্যৰ লগতে তেওঁলোকৰ বিদ্যায়তনিক কাম-কাজ তথা অঞ্চলবাসীৰ সামূহিক অংশগ্ৰহণকে ধৰি অন্যান্য সমলসমূহৰ সদ্ব্যৱহাৰকো ইয়াৰ সৈতে সামৰি লোৱা হৈছে।

পৰিসৰ/লক্ষ্য-প্ৰাথমিক পৰ্যায়ত ৰাজ্যখনৰ ৮খন জিলা- বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ (মহানগৰ), লখিমপুৰ, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী/প্ৰাদেশিকীকৃত/চাহ বগিছা পৰিচালিত প্ৰাথমিক বিদ্যালয়সমূহত পোনতে গুণোত্সৱ উদযাপনৰ দিহা কৰা হৈছে। এই পৰ্যায়ত অসমীয়া, বড়ো, বাংলা, হিন্দী আৰু ইংৰাজী এই পাঁচোটা মাধ্যমৰে দ্বিতীয় মানৰ পৰা অষ্টম মানৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতাৰ বিভিন্ন পৰ্যালোচনা কৰা হব।

গঠন-

গুণোত্সৱ সম্পৰ্কীয় নীতি-নিৰ্দেশনা, কাৰ্যক্ৰমণিকা নিৰ্ধাৰণ তথা ৰূপায়ণ সন্দৰ্ভত দিক দৰ্শন কৰাৰ বাবে অসম চৰকাৰে এখন সৰ্বোচ্চ কমিটী গঠন কৰি দিছে। সেই অনুসৰি-


মাননীয় শিক্ষামন্ত্ৰী, অসম – অধ্যক্ষ
মুখ্য সচিব – সদস্য সচিব
বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব – সদস্য
পঞ্চায়ত আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব – সদস্য
কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব – সদস্য
সাধাৰণ প্ৰশাসন বিভাগৰ মুখ্য সচিব – সদস্য
প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব – সদস্য
মাধ্যমিক শিক্ষা বিভাগৰ সচিব – সদস্য
সৰ্ব শিক্ষা অভিযান, অসমৰ সঞ্চালক – সদস্য
ৰাজ্যিক শৈক্ষিক গৱেষণা তথা প্ৰশিক্ষণ পৰিষদ, অসমৰ সঞ্চালক – সদস্য

অধিক তথ্যৰ বাবে, Assam Sarba Shiksha Abhijan Mission ৰত্যক্ষ কৰক